07/01/2024
আজি ৰাংচালি উৎসৱৰ প্ৰতিযোগিতা বিভাগৰ তৰফৰ পৰা প্ৰতিযোগিতা সমূহত নামভৰ্তি কৰিবৰ বাবে অনলাইন আবেদনৰ লিংক মুকলি কৰি দিয়া হৈছে। নামভৰ্তিৰ বাবে আবেদনৰ অন্তিম তাৰিখ ৩১ জানুৱাৰী, ২০২৪। গতিকে ইচ্ছুক প্ৰতিযোগীসকলক অন্তিম তাৰিখৰ আগত নামভৰ্তিৰ বাবে অনলাইন আবেদন কৰিবলৈ অনুৰোধ জনালোঁ।
অনলাইন আবেদনৰ লিংক- https://whatsform.com/SCCR6p
প্ৰতিযোগিতাৰ নিয়মাৱলীঃ
১)Registration ফৰ্মখন ভৰোৱাৰ পাছত প্ৰতিযোগিতাৰ বাবে নিৰ্ধাৰণ কৰি দিয়া মাচুল যোগদানৰ পূৰ্বে ৰাংচালি উৎসৱৰ প্ৰতিযোগিতা বিভাগৰ কাৰ্যালয়ত জমা দি CEP (Competition Entry Pass) ল'ব লাগিব।
২) নামভৰ্তিৰ অন্তিম তাৰিখ ৩১ জানুৱাৰী।
৩) শাখাঃ 'ক' শাখা (অষ্টম শ্ৰেণীলৈকে) আৰু 'খ' শাখা (নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে)
৪) প্ৰতিযোগিতাসমূহ পৰিচালনাত অনলাইন নামভৰ্তিৰ ক্ৰম অনুসৰি প্ৰাধান্য দিয়া হয়।
৫) মুকলি কুইজত এটা Group ত সৰ্বাধিক ৩ গৰাকী প্ৰতিযোগীয়েহে অংশগ্ৰহণ কৰিব পাৰিব।
৬) দিহানাম প্ৰতিযোগিতাৰ প্ৰতিটো দলৰ প্ৰতিযোগীৰ সংখ্যা বাদ্যযন্ত্ৰীসহ সৰ্বাধিক ১২ গৰাকী আৰু নাম পৰিৱেশনৰ সময় কেৱল ১০ মিনিট।
৭) কেৱল প্ৰতিযোগিতা সম্পৰ্কীয় সহায়ৰ বাবেঃ
Contact No:
বিনোদ বৰা- 6003957186 (WhatsApp Only)
দেৱজিৎ হাজৰিকা- 6003106292