14/07/2021
অসমৰ কৃষি আৰু সমবায় ক্ষেত্ৰখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত এচকাৰ্ড্ বেংকৰ প্ৰাসংগিকতা।
বিভিষিকাময় সময়ৰ কৰাল গ্ৰাসে আমাক আতংকিত কৰি ৰখাৰ সময়তো ২০২১ চনৰ নিৰ্বাচিত চৰকাৰ খনে অসম মূলকলৈ এক নতুন আশাৰ বতৰা কঢ়িয়াই আনিব বুলি আমি নৱ প্ৰজন্ম আশাবাদী। তেনে এক আশাৰ আঙুলিত ধৰিয়েই আমি সপোন দেখিছোঁ অসমৰ কৃষি আৰু সমবায় খণ্ডৰ উন্নয়নৰ বৃহত্তৰ স্বাৰ্থত এচকাৰ্ড্ বেংকটোক পুনৰ্জীৱিত কৰা হওক। অসমৰ উৰ্বৰ ভূমিত সম্পূৰ্ণ ব্যৱসায়িক দৃষ্টিভঙ্গীৰে সমবায় ভিত্তিত কৰা কৃষিকৰ্ম নিয়োগ আৰু স্বাৱলম্বিতাৰ ক্ষেত্ৰত এক নিদৰ্শন হ'ব পাৰে আৰু নতুন চৰকাৰ খনৰ নিবনুৱা সমস্যা সমাধানৰ সদিচ্ছাক এই পদক্ষেপে এক নতুন মাত্ৰা প্ৰদান কৰিব পাৰে । ১৯৫৫ চনত আৰম্ভ হৈ ১৯৯৬ চনলৈ সুদীৰ্ঘ ৪০ বছৰ ধৰি সক্ৰিয়ভাৱে অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনক সেৱা আগবঢ়াই অহা
থলুৱা মাটিৰ লগত সম্পৰ্কিত বেংকটোৰ আজিৰ তাৰিখতো উলুবাৰীত স্থাপিত মূখ্য কাৰ্যালয়কে ধৰি বিভিন্ন জিলাত ২৮ টা শাখা কাৰ্যক্ষম হৈ আছে । প্ৰয়োজন মাথো চৰকাৰৰ এধানি সদিশ্চাৰ । কৰ্মৰত ১৫৯ জন কৰ্মচাৰীৰ অনিশ্চিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে তাৎক্ষণিক ভাৱে ব্যৱস্থা গ্ৰহণ কৰিলে মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাইতকৈও ভাল কাম হ'ব পাৰে বুলি আশা ৰাখিলোঁ। ইতিমধ্যে বহুতো কৰ্মচাৰী বিনা বেতনে অৱসৰ গ্ৰহণ কৰিলে। বহুতে আৰ্থিক অনাটনৰ বাবে সুচিকিৎসাৰ অভাৱত মৃত্যুক সাৱটিলে। অথচ সেই সকল পৰিয়ালৰ মূল মানুহ জনে নিৰ্বাচনী কামকে ধৰি চৰকাৰে বান্ধি দিয়া প্ৰতিটো কামেই সুকলমে কৰিব লগীয়া হৈছিল। প্ৰতিজন ৰাজ্যিক কৰ্মচাৰীয়ে দৰমহা লাভ কৰাৰ দিনতো তেওঁলোকৰ পকেট উদং হৈ আছিল। উল্লেখ থাকে যে, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ১/০৩/২০১৭ ইং তাৰিখে সমবায় খণ্ডৰ পৰ্যালোচনা বৈঠকত এই বেংকটোক কাৰ্যক্ষম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ইয়াৰ পিছতে SITA ( State Innovation and Transformation Ayog ) ৰ দ্বাৰা মনোনীত অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক বিষয়া শ্ৰীযুত ভাস্কৰ বৰুৱাৰ নেতৃত্বত Expert Committee গঠন কৰা হয় আৰু উক্ত কমিটী খনে ২০১৮ চনত চৰকাৰক প্ৰতিবেদন দাখিল কৰে আৰু একেটি বৰ্ষতে প্ৰতিবেদন খন বিত্ত বিভাগলৈ প্ৰেৰণ কৰে , কিন্তু বিত্ত বিভাগে আজিলৈ কোনোধৰণৰ কাৰ্যব্যৱস্থা হাতত লোৱা দেখা নগ'ল। তাৰোপৰি বিগত বৰ্ষত সমবায় বিভাগৰ মূখ্য সচিব ডাঙৰীয়াৰ অধ্যক্ষতাত 6th High Level Committee য়ে NABARD ৰ সহযোগত NAB