31/07/2022
েচবুকলাইভ:
মনন পাৰিপাৰ্শ্বিক আৰু বৌদ্ধিক অন্বেষণ সমাজৰ দ্বাৰা অনুষ্ঠিত কৰা জুলাই মাহৰ কবিতা পাঠৰ ফেচবুক লাইভটি সঞ্চালনা কৰিব গুজৰাটৰ পৰা ৰূপা গগৈ বাইদেউৱে । পাঠ কৰিব লগীয়া কবি আৰু কবিতা সমূহ হৈছেঃ =
🔰কবিতাৰ শিৰোনাম :
“ কিছুক্ষণ বৰষুণ জাকৰ সৈতে ”
সময়োচিত বৰষুণ এজাক ধাৰাসাৰে নামি আহিল,
নৃত্যৰতা নৰ্তকীৰ নুপুৰৰ শব্দৰ ঝংকাৰ তুলি
অনাকাংক্ষিত সুখকৰ মাদকতাত
মনগহনত সংগীতৰ লহৰ উঠিল ৷
ডেই পুৰি নিব খোজা ৰ’দ,
ক্ষন্তেক আগত,
ঘামক্ত শৰীৰ,
তিয়াই ৰখা দেহা মন,
বৰষুণৰ সৈতে বৈ অহা চেঁচা বতাহ এচাটিত
শাঁত পৰিল মনপ্ৰাণ ৷
খোলা খিৰিকীৰে বাহিৰলৈ ভূমিকাই চালোঁ
বৰষুণৰ টোপাল পৰি গছৰ পাতবোৰে
হাতবাউলি দি মোক মতা যেন পালোঁ ৷
বয়সে ঢুকি নোপোৱা মনে
বৰষুণত তিতিবৰ দুৰ্বাৰ হেঁপাহ,
মনগহনত জাগি উঠা লৰালিত
কেতিয়ানো উলাই গলোঁ বাহিৰলৈ
বৰষুণ জাকক সাৱটি ধৰিবলৈ
বৰষুণৰ টোপালবোৰ চুই চাবলৈ ৷
বৰষুণৰ সৈতে নাচিবাগি ৰং বুটলিবলৈ ৷
লৰালিৰ ধেমালিৰে লৰামতিয়া মই
মাথোঁ কিছুক্ষণ,
এইয়াইতো জীৱনৰ সঁচা ৰং
সুখ দুখৰ সংমিশ্ৰণ ৷
কিছুক্ষণ প্ৰখৰ ৰ’দৰ সৈতে,
কিছুক্ষণ বৰষুণ জাকৰ সৈতে ৷৷
✍🏻টিটন বৰুৱা, যোৰহাট -৭৮৫০০৮
------------------------২-----------------------
#শাওণৰ ধ্ৰুপদ
নাঙলৰ কৰ্ষণত
শস্যসম্ভৱা পথাৰৰ বুকুত
সৃষ্টিৰ উন্মাদনা জাগে
কৃষকৰ সপোনে হাঁহে !
শাওণীয়া ডাৱৰৰ ওফোন্দ ভাঙিবলৈ
মোহময়ী বিজুলীৰ চিৰায়িত চলনাই
আকাশৰ বুকুত
জুইফুল হৈ ফুলে !
বীজৰ বক্ষত সুপ্ত
অফুৰন্ত শক্তিক
শ্ৰম আৰু উৎসাহৰ স্তুতিয়ে
প্ৰত্যয়দীপ্ত পূৰ্ণতাৰে আচ্ছন্ন কৰে !
শাওণ প্ৰিয় স্তৱক
প্ৰত্যাশাৰ বাটচ'ৰা
আঘোণৰ সোণোৱালী কবিতাৰ
শইচ আৰু সহৃদয়তাৰ !
ড. আৰাধনা বৰুৱা , পাঠশালা
------------------------৩-----------------------
সেন্দুৰ
*****
তোমাৰ কঁপালত জিলিকি উঠা,
সেন্দূৰৰ এটি ৰেখা,
তোমাৰ আত্মম্ভৰিতাৰ এটি নিৰৱ পৰিভাষা-
জীৱন উজাৰি দিয়াৰ মোহত বন্ধা
এটা সুপ্ত বাসনা!
বাসনাই ৰূপ সলায় সিদিনাই
সেন্দূৰে যদিহে খামোচ হেৰায়।
প্ৰাৰম্ভিকতাৰ প্ৰাচীন সেই শিৰোৰেখাত
নিঃস্বতাৰ কেনভাচত ডুব যোৱা সূৰ্য্য ভাঙি
বিপন্ন সময়ৰ সাকোঁ বগাই
সেন্দূৰ বিহীন কপালে সময়ক মাথোঁ গাঢ় কৰি লয়!
হয়তো কাৰোবাৰ বাবে সেন্দুৰ এক সাধনা,
কাৰোবাৰ বাবে এক বিশ্বাসৰ সম্বৰ্ধনা
আশ্বাসৰ পৰিভাষা হয়তো সলনি কৰে সেন্দূৰে
ছিঙি কেতিয়াবা গাঠি ৰখা প্ৰত্যয়ৰ বটীয়া!
কেতিয়াবা সেই চিৰ আকাঙ্খিত সেন্দুৰ-
কাৰোবাৰ বাবে হৈ পৰে মাত্ৰ এক বিড়ম্বনা।
তথাপিয়ো সেন্দুৰ আমাৰ সমাজ ব্যৱস্থাৰ
এক অভিমন্ত্ৰিত পূৰাতণ ঘোষণা -
য'ৰ পৰা আৰম্ভ হয় জীৱনৰ ছন্দ,
য'ত উৎপত্তি হয় সমাজৰ বিন্দু
নতুন সৃষ্টিৰ মহাজাগতিক জনসিন্ধু!
✍️✍️ আৰ কে বেজবৰুৱা
--------------------------৪-----------------------
সমৰ্পণ
হঠাৎ এদিন
আপুনি উভতি আহিছিল
কোন বাটে বাট লৈছিল আপুনি
আছিলনে বাৰু সিবাটৰ দুয়োকাষে
শস্যময় পথাৰ অথবা সেউজ অৰণ্যবোৰ
আপুনি যিদিনা ওলাই গৈছিল
আকাশত জ্বলা নাছিল তৰাৰ চাকি
এনেকি
জ্বলা নাছিল বিজুলী বাতিবোৰ
চৰাইৰ চুবুৰীটো পোহৰাই তুলিবলৈ
জ্বলোৱা নাছিল কোনেও এগছি মাটিৰ চাকি
আপোনজনৰ মুখৰ আঁৰৰ আন্ধাৰবোৰ মচিবলৈ
উদ্বিগ্নতাত কঁপিছিল কুটুমৰ বুকু
অস্থিৰ চকুবোৰ ৰৈ আছিল কেঁকুৰিটোত
কথাবোৰ সচাঁ আছিল
উভতি নহাৰ প্ৰতিশ্ৰুতিৰে আপুনি ওলাই গৈছিল
বাটৰ কাষৰ গছবোৰ
নিমাতে নিতালে পুৰঠ হৈছিল
কেঁকুৰিৰ সিপাৰে গৰখীয়া ল'ৰাৰ উকিত
দেওলগা দুপৰীয়াবোৰ থমথমকৈ বহি আছিল
চুবুৰীৰ মানুহবোৰে
নিজানৰ বাঁহী শুনি সুঁৱৰিছিল কথাবোৰ
অলিখিত পাণ্ডুলিপিত সাঁচি থৈছিল ক্ষণবোৰ
তেনেতে
হঠাৎ এদিন
উভতি আহিছিল আপুনি
সেইদিনা
ৰৈ থকা নাছিল কোনো আপোনালৈ বুলি...
✍️✍️ মনালিছা শইকীয়া
--------------------------৫-----------------------
কবিতা : শাওনৰ পথাৰ
শাওন আহিলেই .....
কেঁচা মাটিৰ গোন্ধত
চৌদিশ আমোলমোলায়
কৃষকৰ দুচকুত সপোন
গাত তত নাইকীয়া ।
কাহিলিপুৱাতে বলধ হাল
লগত নাঙল যুটি
পথাৰ কোমলাবলৈ যায়
চহা জীৱন হয় সাৰ্থক
সোণগুটি সিঁচিবলৈ পায়
কঠিয়াই পোখা মেলে
ধান পাত হয় সেউজীয়া
তাৰ মাজতে আকাশত
মেঘৰ ৰূপ বিনন্দীয়া
সৃষ্টিৰ মাহ শাওন
অন্যতম মাহ বাৰিষাৰ
পথাৰখন যে বৰ আপোন
থল কৃষকৰ আশা- ভৰষাৰ
হাল- বোৱা, আলি দিয়া
আৰু ভূঁই ৰোৱা
জীয়া সপোন হয় বাস্তৱ
আনন্দত নধৰে হিয়া
শাওনৰ পথাৰ খন চাই
চহাই পাহৰে দুখ- কষ্ট
ম্লান হোৱা নাই এতিয়াও
কৃষকৰ কেঁচা ঘামৰ গোন্ধ
অঞ্জলী বৰদলৈ, গোলাঘাট
--------------------------৬-----------------------
কবিতা
মই কিয় লিখোঁ ?
মই কিয় লিখোঁ
বাৰে বাৰে সুধিছোঁ নিজক
মই কবিও নহয়
মই লেখকো নহয়
তথাপিতো মই লিখোঁ
মই লিখিম মই লিখি থাকিম
সুৰীয়া শৱদৰ সুৰীয়া ভাষাৰ
সোণসেৰীয়া মুকুতা মোৰ প্ৰিয়
আধাৰ কাৰ্ডে গোগৈ
হৈ মিচিকিয়াই হাঁহে
অসমীয়াৰ সংজ্ঞা মোৰ মনলৈ আহে
বাৰে বাৰে টেঙা আম কিনি খোৱা
ময়েই অসমীয়া
বছৰ বছৰ সংজ্ঞা বিচাৰি হাবাথুৰি খোৱা
আমি অসমীয়া
এইয়াই অসমীয়া বৰাক - ব্ৰহ্মপুত্ৰ
পাহাৰ - ভৈয়াম বিভেদ হোৱা
আমি অসমীয়া
বছৰ বছৰ ধৰি সংজ্ঞা বিচাৰি থকা
একেআষাৰে সেয়াই অসমীয়া জাতি
সেয়েহে মই লিখোঁ
মই কিয় লিখোঁ
বাৰে বাৰে সুধিছোঁ নিজক
মই কবিও নহয়
মই লেখকো নহয়
তথাপিতো লিখোঁ মই ।
মানসী ফুকন গগৈ ,নাৰেংগী
--------------------------৭-----------------------
---অনন্য জীৱন---
প্ৰাতঃভ্ৰমণত দেখিলো
এটি ফুটপাথ বালক ৷
বিশালকায় জাবৰৰ বাকচ এটাত
খেপিয়াইছে সি
মনে বিছৰা নহয়
জীৱনৰ তাগিদাৰ
এক দুৰ্লভ
পেট পূৰোৱা খাদ্য সম্ভাৰ ৷
য’ত থাকিব হয়তো !
মোৰ বা তোমাৰ সন্তানে খোৱা
কালিৰ পিজ্জা বা ফ্ৰাইড ৰাইচৰ
এৰেহা ,গোন্ধৱা
কুকুৰ শৃগালৰ আহাৰ ৷
তাৰ বাবে এয়া কোনো
আশ্চৰ্যকৰ বিষয়েই নহয়
ই তাৰ দৈনন্দিন
নিত্য কৰ্মৰ এটি সমাহাৰ ৷
পালে খাম
নেপালে ভাগ্যক ধিয়াই
কাইলৈ আকৌ আহিম
এই একেটা জাবৰৰ
বাকচত ৷
মহানগৰীৰ লোকে
প্ৰটিন জাতীয় খাদ্য খাবলৈ এৰিতো দিয়া নাই !
যেনেদৰে লবলৈ এৰিছে সি তাৰ জীৱন বচোৱা
মুখৰ মাক্স !
-----মিনু হাজৰিকা
--------------------------৮-----------------------
মানৱতাৰ সন্ধানত
=============
কৰমেই ধৰম
মানৱ জাতিৰ
অন্তৰেই চালিকা ঠাই,
এৰি ভেদাভেদ
শান্তিক আজুৰি
বিকল্প গতি নাই ।
ন্যায় বিচাৰ কৰা
যুক্তিৰ আধাৰে
জীৱৰে মঙ্গল সাধি,
মিলন ভূমিত
কৰা পৰিণত
ত্যাগি ধৰ্মৰ ব্যাধি ।
অংগ পতংগ
সকলো একেই
ৰক্ততো নাই ভেদ ,
হৃদয়ৰ দুৱাৰ
খোলা সকলোৱে
ভিন্নতাক কৰি চ্ছেদ ।
সবেই আপোন
নাই ভিনপৰ
এৰি বিভেদৰ নীতি,
যুদ্ধ বিগ্ৰহৰ
ত্যাগি আগ্ৰহ
গঢ়া মানৱৰ জাতি ।
✍️✍️✍️ সুনন্দা বৰগোহাঁই
--------------------------৯-----------------------
দেউতা আছিল তেওঁ....
✍️ময়ূৰী শৰ্মা গোস্বামী
প্ৰচণ্ড ৰ'দ আছিল ,
কিন্তু দহিব পৰা নাছিল ।
দোপালপিটা বৰষুণো আছিল,
তথাপিও তিয়াব পৰা নাছিল ।
চোমনীৰ বৰগছ আছিল তেওঁ ।।।
মোৰ হাঁহিত হাঁহিছিল _
মোৰ কান্দোনত কান্দিছিল_
মই বিচৰা খিনি দিবৰ বাবে,
তেওঁ একো নিবিচৰা হৈছিল।
মোৰ ঘৰটো বনাবৰ বাবে_
তেওঁৰ ভৰাল উদং কৰি দিছিল।
বৰঘৰৰ লাইখুঁটা আছিল তেওঁ ।।।
মোক হাতত ধৰি এখুজি দুখুজিকৈ___
জীৱন বাটত খোজ দিবলৈ-
শিকাই শিকাই -
শেষত তেওঁৰ খোজ স্তব্ধ হৈছিল।
এটি দুটাকৈ কথা কবলৈ শিকাই শিকাই___
শেষত তেওঁ বাকৰুদ্ধ হৈছিল।
মোক সপোন দেখাই দেখাই,
মোৰ সপোন পুৰাই পুৰাই,
তেওঁৰ সপোন ধূসৰ হৈ গৈছিল।
দাবী কৰিছিলো মই _
খঙ কৰিছিলো মই_
কোনো অভিযোগ নাছিল।
বৰগছ আছিল তেওঁ ____
লাইখুঁটা আছিল তেওঁ ____
দেউতা আছিল তেওঁ!!!!!
--------------------------১০-----------------------
আশা
বেদনাৰ ডাৱৰ আতৰাই
সৰগী হাঁহিবোৰ
জিৰজিৰকৈ সৰিব,
দুখৰ ওৰণি গুছাই
সুখৰ সুৰুজেও
এদিন ভুমুকি মাৰিব!
অসূয়া-অপ্ৰীতিৰ
দৈত্য-দানৱবোৰে
আন্ধাৰত মুখ লুকুৱাব,
দুখীৰ জীৱনত ৰামধেনু ৰংৰ
সাতোৰঙী আবেশে হিয়া চুমিব!
ৰং ধূসৰ হোৱা পখিলাবোৰে
সাত বৰণীয়াত পাখি পখালিব,
বিষাদৰ কালমেঘ সৰগী আভাই
দুৰলৈ ঠেলি পঠিয়াব
সুখৰ পুৱাত উদিত বিভাকৰে
নতুন পণ লৈ পোহৰ বিলাব,
এনেকৈয়ে এদিন আমাৰ হেপাহত ৰং সানি
সৰগী হাঁহিৰ কুসুম ফুলিব!
পুষ্পাঞ্জলী গোস্বামী , ডিব্ৰুগড়
--------------------------১১-----------------------
কবিতাৰ শিৰোনাম : প্ৰতি , সময়
জীৱনৰ টুকুৰা কাগজ বোৰত
জ্যামিতিৰ বহু কেইটা এংগল আঁকি চালোঁ
কোণ ,আয়ত, বৰ্গ,,,,
আৰু লগতে কৰি আছোঁ
ভগ্নাংশৰ কেইবাটাও উত্তৰ বিহীন নিমিলা অংক।
কেতিয়াবা অস্থিৰ মনৰ স্থিত প্ৰজ্ঞতা খিনিৰে
কোনোবা আলি কেঁকুৰিত ৰৈ বাট বিচাৰি ফুৰোঁ
কেতিয়াবা আকৌ লক্ষ্য নথকাৰ অজুহাতত
ৰঙা বৃত্ত এটাত আবদ্ধ হৈ ককবকাই থাকোঁ ।
ভাজ লগা আঙুলি কেইটাই গণি লোৱা আদৰৰ
ক্ষণবোৰক আদৰিবলৈ এটা উপায় আপুনি ঠিকেই
শিকাই থৈ গৈছিল
আমাৰ পূৰ্বজক ।
এৰা...!
কৰ্ম, ভাগ্য আৰু ঈশ্বৰ,,,
গ্ৰহণ, বৰ্জন
ৰীতি নীতিৰ জপমালা
সকলোতে নেদেখা জনৰ
আশীৰ্বাদৰ হাত,,।
একুঁকি ভালপোৱা, এসাগৰ সুগন্ধি, এবুকু সূৰ্যোদয়ৰ গান লৈ মোৰ সৰু খিৰিকী খনৰ পৰা দেখা পোৱা
এটা কণমানি সূৰ্য,
তাকেই লালন কৰিছোঁ।
আমি বোৰ আলসুৱা জীৱ
আপোন কৰি লোৱাৰ
কিমান যে হেঁপাহ...
ৰৈ আছে এতিয়াও
বেদুইন যাত্ৰাত চামিল হ'ব খোজা
শাৰী শাৰী লানি নিচিগা মানুহ ,
এতিয়া সেই খোজ বোৰত আপুনি অলপ
সংগ দিয়া হ'লে...!
পূৰবী শইকীয়া বৰুৱা
সোনাৰি, জিলা__চৰাইদেউ
--------------------------১২-----------------------
# # আত্মগোপন # #
সুৰ এটা সলাবলৈকে আত্মগোপন
কৃষ্ণগহ্বৰৰ বক্ষত প্ৰতীক্ষাৰত সময়ৰ
প্ৰভাতী সুৰুযৰ সাতোৰঙী ৰামধেনুলৈ
অন্তহীন প্ৰতীক্ষা যুগ যুগৰ
নিৰৱধী সাধনা
বিলীন সকলো মহাকালৰ বুকুত
মায়াময় সময়ৰ কালিকালগা ক্ষণ
আত্মজ অহংকাৰে আনে কাৰ পতন
আবেগবোৰ জীৱনৰ জাঁজি
য'তেই থমকি ৰ'ব লগা হ'য়
তাৰ পৰাই অংকুৰণ
দুখৰ ভাৰ ব'ব কোনে
পানী মেটেকাৰ জীৱন
দোকোলটকা বানত উটি-ভাহি যায়
কাৰ সুহুৰিত বাজি ৰ'য়
এটি অচিনা ঐনিতম
জীৱন এনেকুৱাই
সুৰ সলাবলৈকে আত্মগোপন ॥
(c)লখিমী গগৈ, গুৱাহাটী (২৯/০৭/২০২২)